চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়
মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত শোণিতপুৰ জিলাৰ 'তেজপুৰ' এখন ইতিহাস প্ৰসিদ্ধ ঠাই। এই তেজপুৰ নগৰৰ মাজমজিয়াতে "তেজপুৰ চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়"খন অৱস্থিত। এইখন অসমীয়া মাধ্যমৰ লেখত ল'বলগীয়া চৰকাৰী বিদ্যালয় বুলি অসমৰ সকলো লোকে স্বীকাৰ কৰি আহিছে। বিদ্যালয়খন তেজপুৰীয়া ৰাইজৰ গৌৰৱ। বৰ্তমান ২৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ৮৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰে ভৰা বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ আন বিদ্যালয়ৰ তুলনাত বহুত বেলেগ। বিদ্যালয়খন তেজপুৰ চহৰৰ ছয় নং ৱাৰ্ডৰ নিউ আমোলাপট্টিৰ ডালিম বৰা পথত অৱস্থিত। এই বিদ্যালয়খনৰ কথা ক’বলৈ গ’লে প্ৰথমেই আমি শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব তেজপুৰৰ বাৰহলীয়া নিবাসী প্ৰয়াত মাণিক চন্দ্ৰ বৰাদেৱক।
সেই সময়ত তেজপুৰ কাৰমেমৰিয়েল প্ৰাথমিক বিদ্যালয়খনৰ বাহিৰে তেজপুৰত আৰু কোনো প্ৰাথমিক বিদ্যালয় নাছিল। সেয়ে বৰাদেৱে ১৯৩৩ চনত বাৰহলীয়াৰ নিজৰ চ'ৰাগৃহতে কেইজনমান ছাত্ৰ-ছাত্ৰী লৈ প্ৰথম বিদ্যালয় হিচাপে আৰম্ভ কৰে। লাহে লাহে মাজগাঁও, বৰুৱা চুবুৰী, বামুণগাঁও, কমাৰ চুবুৰী, মুঢ়াতেতেলী, কলিবাৰী, কছাৰীগাঁও আদি ওচৰ-চুবুৰীয়া অঞ্চলৰ পৰাও দুই-চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী আহিবলৈ লোৱাত তেখেতৰ চ'ৰাগৃহত ঠাইৰ অসুবিধা হোৱাৰ লগতে অকলেও ছাত্ৰ-ছাত্ৰীসকলক পঢ়াব নোৱৰা হ'ল। সেইবাবে সেই সময়ৰ তেজপুৰ পৌৰসভাৰ সভাপতি ৺আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ সহযোগিতাত হাতী-পিলখানাৰ চৰকাৰী মাটিত থকা তেজপুৰ পৌৰসভাৰ এটি অব্যৱহৃত টিঙৰ দীঘল ঘৰলৈ বিদ্যালয়খন স্থানান্তৰিত কৰা হয়। লগতে তেজপুৰ চহৰৰ নিকটৱৰ্তী বৰঝাৰ গাঁও শইকীয়া চুবুৰী নিবাসী প্ৰয়াত শ্ৰদ্ধাৰ বেণুধৰ শইকীয়াদেৱক বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক আৰু প্ৰধান শিক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। নতুন গৃহটিলৈ স্থানান্তৰিত হোৱাৰ দিনা ১৯৩৫ চনৰ ২২ আগষ্ট আছিল। সেই দিনাই বিদ্যালয়খনৰ নতুন গৃহটিৰ দ্বাৰ উন্মোচন কৰে সেই সময়ৰ ডিপিআই স্মল চাহাবে। তেখেতে উন্মোচনী সভাত এই বিদ্যালয়খনৰ নাম ৰাখে "চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়"। সেই সময়ত তেতিয়াৰ সম্ৰাট পঞ্চম জৰ্জৰ কাৰ্যকালৰ ৰূপালী জয়ন্তী (Silver Jubilee) উৎসৱ সমগ্ৰ ভাৰততে পালন হৈ থকাৰ লগত সংগতি ৰাখি এই বিদ্যালয়খনৰ নাম চিলভাৰ জুবিলী প্ৰাইমাৰী বিদ্যালয় বুলি নামাকৰণ কৰে। স্মল চাহাবে বিদ্যালয়খন পৰিদৰ্শন কৰি বহীত এই বিষয়ে এটা টোকা লিখি থৈ যায়। পৰিদৰ্শন টোকাৰ বহীৰ পৰা জানিব পাৰি যে বিদ্যালয়খনত প্ৰথম অৱস্থাত ১৯৩৫ চনত ৮১ গৰাকী ছাত্ৰ-ছাত্ৰী, ১৯৩৬ চনত ১১৬ গৰাকী ছাত্ৰ-ছাত্ৰী, আৰু ১৯৩৭ চনত ১৩১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ বৃদ্ধি হৈছিল।
এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত বেণুধৰ শইকীয়াদেৱে অহোপুৰুষাৰ্থ কৰি বিদ্যালয়খনক অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠ বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিলে। বৰ্তমান বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৮৫৬ গৰাকী। প্ৰতি বছৰে ১৫০ৰ পৰা ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি নকৰাকৈ বহুতো অভিভাৱকক ঘূৰাই পঠিয়াবলগীয়া হয়।
স্মল চাহাবৰ টোকাটি
প্ৰতি বছৰে বিদ্যালয়ৰ পৰা ৩০ৰ পৰা ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক পৰ্যায়ৰ বৃত্তি লাভ কৰি সুনাম কঢ়িয়াই আনিছে। ২৬ কিলোমিটাৰ দূৰৰ পৰাও ছাত্ৰ-ছাত্ৰী এই বিদ্যালয়লৈ শিক্ষা গ্ৰহণ কৰিবলৈ অহাৰ উদাহৰণ আছে। বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হৈ যোৱা বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পাছলৈ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাতো প্ৰথম দহটাৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই বিদ্যালয় পৰিদৰ্শন কৰি বৰ্তমানৰ মাননীয় শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, এম জি ভি কে ভানু, ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু বিভিন্ন গণ্য-মান্য ব্যক্তিয়ে ভূয়সী প্ৰশংসা কৰি গৈছে। যোৱা দুবছৰৰ গুণোৎসৱত এই বিদ্যালয়ে সকলো দিশতে চৰকাৰৰ ফালৰ পৰা A+ পাবলৈ গ্ৰে'ড পাবলৈ সক্ষম হৈছে।
এই বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ কথা ক'বলৈ গ'লে হয়তো বহুতো কথা আহি পৰে কাৰণ তেখেতেই হ'ল বিদ্যালয়খনৰ গুৰি ধৰোঁতা। তেখেতে সকলো শিক্ষক-শিক্ষয়িত্ৰীকে ভাল মনোভাৱেৰে, মৰম-চেনেহৰ মাজেদি শিক্ষাদানৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ লগতে বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীয়েও বৰ মৰম চেনেহ কৰি শিক্ষাদান কৰে। এই বিদ্যালয়খনক লৈ আমি সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে গৌৰৱ অনুভৱ কৰোঁ। এই সফলতাৰ আঁৰত বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ সু-পৰিচালনা, শিক্ষাগুৰুসকলৰ আত্মোৎসৰ্গিত, ঐকান্তিক প্ৰচেষ্টা, ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা আৰু বিদ্যালয়ৰ অযুত শুভাকাংক্ষীৰ সহায় আৰু আশীৰ্বাদে বিদ্যালয়খনক উন্নতিৰ জখলাডালত দোপতদোপে উঠি আকাশ চোৱাত সহায় কৰিছে৷
শ্ৰীযুত ৰিতুল বৰা বৰ্তমান বিদ্যালয়ৰ প্ৰধান শিক্ষক। তেখেতে ২০২০ চনৰ মে' মাহত ক’ভিড-১৯ৰ লক্ ডাউনৰ মাজতে প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেখেতে ১৯৮৮ চনৰ মে' মাহত ঘৰপাৰা চুবুৰী প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে নিজৰ চাকৰি জীৱনৰ পাতনি মেলে আৰু ১৯৯৭ চনৰ জুন মাহৰ পৰা ২০২০ চনৰ এপ্ৰিল মাহলৈ চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়তে সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
বিদ্যালয়ৰ মূল লক্ষ্য :
১) ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব গঠনৰ লগতে শাৰীৰিক, মানসিক, সামাজিক, বৌদ্ধিক আদি দিশৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।
২) ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক আৰু সহঃবিদ্যায়তনিক দিশৰ বিকাশত সম্পূৰ্ণৰূপে সহযোগিতা প্ৰদান কৰা।
৩) সমাজৰ যিকোনো স্তৰৰ আৰু যিকোনো মেধাৰ শিশুৱে যাতে সমানে শিক্ষা লাভ কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া।
৪) কম্পিউটাৰ শিক্ষাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীৰ মাজত তথ্য আৰু যোগাযোগৰ প্ৰাৰম্ভিক ধাৰণা দিয়া।