পুথিভঁৰাল
ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে অতিশয় প্ৰয়োজনীয় পুথিভঁৰালৰ সুবিধা এই বিদ্যালয়ত আছে৷ পুথিভঁৰালটিৰ নাম ৰখা হৈছে ৺মাণিক বৰা সোঁৱৰণি পুথিভঁৰাল৷“ এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় মাণিক বৰাদেৱৰ স্মৃতিত, তেখেতৰ পৰিয়ালবৰ্গই ২০১৬ চনত এই আটক ধুনীয়া পুথিভঁৰালটি বিদ্যালয়লৈ দান কৰে৷ সম্পূৰ্ণ আচবাব-পত্ৰেৰে সু-সজ্জিত কৰি প্ৰদান কৰা এই পুথিভঁৰালটিলৈ তেওঁলোকে বহুতো পুথিও আগবঢ়াইছে৷ বৰ্তমান এই পুথিভঁৰালত ১০০০ ৰো অধিক শিশু আৰু শিক্ষকৰ উপযোগী গ্ৰন্থ আছে৷ সাধু কিতাপ, জীৱনীমূলক গ্ৰন্থ, বিজ্ঞান বিষয়ক পুথি, অকণিৰ বিশ্বকোষ, সাধাৰণ জ্ঞান, কুইজ, অভিধান ইত্যাদি অনেক গ্ৰন্থৰে পৰিপূৰ্ণ এই পুথিভঁৰাল৷ তদুপৰি ভাৰতৰ আগশাৰীৰ পৰিৱেশ সচেতনমুখী আলোচনী Sanctuary Asia ইও এই পুথিভঁৰাল চহকী কৰিছে৷ ৩য় শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈকে প্ৰতিটো শাখাক মাহত এবাৰকৈ পুথিভঁৰাললৈ নি কিতাপসমূহ অধ্যয়ন কৰিবলৈ সুবিধা দিয়া হয়৷ পুথিভঁৰালত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ লিপিবদ্ধ কৰিবৰ বাবে এখন খতিয়ান বহীও ৰখা হয়৷ ইয়াৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীয়ে সেই সুবিধা গ্ৰহণ কৰিছেনে নাই আৰু পঢ়িবলৈ কেনেধৰণৰ পুথি পছন্দ কৰিছে সেয়া নিৰীক্ষণ কৰিব পৰা যায়৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই বিদ্যালয়ৰ পুথিভঁৰাললৈ বহুতো কিতাপ দান কৰিছে। বিদ্যালয়ৰ ১৯৯৫ উত্তীৰ্ণ বৰ্ষৰ কেইগৰাকীমান প্ৰাক্তন ছাত্র-ছাত্ৰীয়েও পুথিভঁৰাললৈ বুজন সংখ্যক কিতাপ দান কৰিছে।
ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা শক্তি বৃদ্ধি কৰিবলৈ আৰু সৃষ্টিমূলক কামৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে বিদ্যালয়ত এখন প্ৰতি বছৰে "প্ৰজ্ঞা" শীৰ্ষক এক প্ৰাচীৰ পত্ৰিকা উলিওৱা হয়৷ তাত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলৰো গল্প, কবিতা, সাঁথৰ, কুইজ, চিত্ৰ আদি প্ৰকাশ কৰা হয়৷