মধ্যাহ্ন ভোজন
আমাৰ বিদ্যালয়ত মুঠতে ৮ গৰাকী ৰান্ধনী আছে। এই ৰান্ধনীকেইগৰাকীক সৰ্বশিক্ষা অভিযানে নিয়োগ কৰে। তেওঁলোকৰ মাহেকীয়া পাৰিতোষিকো সৰ্বশিক্ষা অভিযানে বহন কৰে। তেওঁলোকে ৰন্ধা-বঢ়া, চাউল, দাইল, পাচলি আদি চিকুণোৱা কাম নিয়াৰিকৈ সম্পন্ন কৰে। তেওঁলোকে ৰন্ধা-বঢ়া কৰাৰ আগে ৰান্ধনিঘৰটো সুন্দৰকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি লয়। তাৰ পাছত নিজে পৰিষ্কাৰ হৈ লৈ ৰন্ধা-বঢ়াৰ বাবে চৰকাৰী ভাবে যোগান দিয়া যাৱতীয় উপকৰণসমূহ যেনে চাউল, দাইল আৰু শাক-পাচলি আদি ধুই পখালি ৰন্ধাৰ কাম আৰম্ভ কৰে।
দুপৰীয়া প্ৰায় ১১:৪৫ বজাৰ পৰা প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীক (ক্ৰমানুসাৰে শ্ৰেণী অনুযায়ী) চাবোনেৰে হাত ধুৱাই লোৱা হয়। তাৰ পাছত আটাইকেইগৰাকী ৰান্ধনীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত শ্ৰেণীকোঠাতেই শৃংখলাবদ্ধভাৱে মধ্যাহ্ন ভোজনৰ খাদ্য বিতৰণ কৰে (বিদ্যালয়ত এতিয়ালৈকে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে ভোজনালয়ৰ ব্যৱস্থা নাই)। এই বিদ্যালয়ত অন্য বিদ্যালয়ৰ তুলনাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক হোৱাৰ পিছতো নানা অসুবিধা নেওচি অতি পৰিকল্পিতভাৱে খাদ্য বিতৰণ কৰা হৈ আহিছে।
ছাত্ৰ-ছাত্ৰীৰ খোৱা-বোৱা হোৱাৰ পাছত পুনৰাই বাচন-বৰ্তন আৰু ৰান্ধনিশাল পৰিষ্কাৰ কৰি থোৱা হয়।