top of page

এই বিদ্যালয়ত অংকুৰ, মুকুল, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম এই সাতটা শ্ৰেণীৰ পাঠদান হয়।  বিদ্যালয়ত বৰ্তমানে ৮৫৬জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে৷ বিদ্যালয়ত নামভৰ্তি কৰোঁতে বয়সৰ প্ৰমাণ পত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰতিটো শ্ৰেণীত নাম ভৰ্তি কৰোৱা হয়৷ অংকুৰ শ্ৰেণীৰ বাহিৰে মুকুল শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সকলো শ্ৰেণীত তিনিটাকৈ শাখা আছে৷ প্ৰতিটো শাখাত ৪০ৰ পৰা ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীকৈ ভাগ কৰা হয়। মুঠ ১৯ টা কোঠাত পাঠদান কৰা হয়৷ 

অংকুৰ শ্ৰেণীত নামভৰ্তিৰ ক্ৰম অনুসৰি ছাত্ৰ-ছাত্ৰীক শাখাসমূহত ভগাই দিয়া হয়। কিন্তু মুকুল শ্ৰেণীত ৰোল নম্বৰৰ ক্ৰম অনুসৰি শাখাসমূহত ভাগ কৰা হয়। যেনে- ‘ক’ শাখাৰ বাবে ৰোল নং-১, ‘খ’ৰ বাবে ২ আৰু ‘গ’ৰ বাবে ৩ দিয়া হয়। সেইদৰে ৰোল নং- ৪, ৫, ৬ একাদিক্ৰমে ‘ক’, ‘খ’, ‘গ’ শাখাৰ বাবে ভগাই দিয়া হয়। এই নিয়ম অনুসৰি শাখাসমূহত ভাগ কৰা হয়। প্ৰথম শ্ৰেণী আৰু বদলি লৈ অহা ছাত্ৰ-ছাত্ৰীক যিটো শাখাত কম ছাত্ৰ-ছাত্ৰী থাকে তাত নামভৰ্তি কৰোৱা হয়। 

 

অংকুৰ শ্ৰেণীত মূল্যায়ন ব্যৱহাৰিক আৰু মৌখিকভাৱে লোৱা হয় আৰু সেই‌ ভিত্তিতেই মুকুল শ্ৰেণীলৈকে উত্তীৰ্ণ কৰোৱা হয়। মুকুলৰ পৰা পঞ্চম শ্ৰেণীলৈকে মূল্যায়ন সমূহ মৌখিক, লিখিত আৰু ব্যৱহাৰিকভাৱে লোৱা হয়। 

    

অংকুৰ আৰু মুকুল শ্ৰেণীত সংখ্যা জ্ঞান, বৰ্ণ পৰিচয় আৰু চিত্ৰ অংকন কৰাৰ ধাৰণা দিয়া হয়। শিক্ষাসমূহ খেল-ধেমালিৰ মাজেৰে আনন্দদায়ক কৰি তোলা হয়। শিক্ষাদান কৰোঁতে শ্ৰেণীসমূহত “তথ্য আৰু যোগাযোগ পদ্ধতি” (Information and communications technology, ICT)ৰ ব্যৱহাৰ কৰা হয়। লগতে কিছু পৰিমাণে শাৰীৰিক শিক্ষা, কবিতা আবৃত্তি, সাধুকথা কোৱাৰ শিক্ষা দিয়া হয়। অংকুৰ আৰু মুকুল শ্ৰেণী পৰাই মূল্যবোধৰ শিক্ষা দিয়া হয়। ডাঙৰক সন্মান জনোৱা, বিদ্যালয়ৰ নীতি-নিয়ম মানি চলা আদি কথাবোৰৰ ওপৰত গুৰুত্ব দিয়া হয়। 

  

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া, গণিত, ইংৰাজী, পৰিবেশ, কলা শিক্ষা আৰু শাৰীৰিক শিক্ষাৰ পাঠদান কৰা হয়। 

মেডেল পৰীক্ষা: এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা বা অন্যান্য বিষয়ত আগবাঢ়ি যাবৰ বাবে প্ৰতি সপ্তাহৰ শনিবাৰৰ দিনটোত অলপ কম নম্বৰৰ ভিতৰত একোটা “মেডেল পৰীক্ষা“ পতা হয়। কিন্তু কি বিষয়ৰ পৰীক্ষা পতা হ’ব সেইটো আগতে ছাত্ৰ-ছাত্ৰীসকলক কৈ দিয়া নহয়। যি বিষয়ৰে নহওক তেওঁলোক আগতীয়াকৈ প্ৰস্তুত হ’ব লাগিব। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে স্ব-মূল্যায়ন কৰিব পাৰে। এই পৰীক্ষা প্ৰতিটো শ্ৰেণীৰে শাখা অনুযায়ী শিক্ষক-শিক্ষয়িত্ৰীসকলে পাতে। যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে সকলোতকৈ বেছি নম্বৰ পাব তেওঁলোককে এই মেডেলটো দিয়া হয়। সোমবাৰৰ দিনাই মেডেল পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নাম মাতি প্ৰাৰ্থনা সভাত কোনোবা এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে মেডেল পিন্ধাই দিয়ে। এই দিনটোলৈ তেওঁলোক বৰ আগ্ৰহেৰে ৰৈ থাকে। মেডেল নোপোৱা ছাত্ৰ-ছাত্ৰীসকলকো মেডেল পাবলৈ শিক্ষকসকলে উদগণি যোগায়।  

 

বৰ্তমান সময়ৰ “বৃত্তি পৰীক্ষা”টো “মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি” পৰীক্ষা হিচাপে অনুষ্ঠিত হয়। প্ৰতিবছৰে আমাৰ বিদ্যালয়ৰপৰা যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰি বিদ্যালয়ৰ সুনামৰ ধাৰা অব্যাহত ৰাখিছে। পঞ্চম শ্ৰেণীৰ পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পৰীক্ষা পতা হয়। বৃত্তি লাভ কৰিলে তেওঁলোকে প্ৰত্যেকেই প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পুঁজিৰ পৰা ৫০০০ টকাৰ একোখনকৈ চেক্ লাভ কৰে যিখন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ১৮ বছৰ বয়সৰ পাছতহে ভঙাব পাৰে।

এইখিনিতে উল্লেখযোগ্য যে ২০১৭ চনৰে পৰা আমাৰ বিদ্যালয়ৰ শ্ৰেণীসমূহৰ ছাত্র-ছাত্ৰীকসকলক প্ৰথম শ্ৰেণীৰ পৰাই চাৰিটা দলত বিভক্ত কৰা হয়: ৰূপকোঁৱৰ, সুধাকণ্ঠ, নটসূর্য আৰু কলাগুৰু। শনিবৰীয়া চ'ৰাৰ লগতে শ্ৰেণী কোঠাতো এই দলসমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা আৰু প্ৰকল্প আদি কৰিবলৈ দিয়া হয়। আমাৰ বিদ্যালয়ৰ “শনিবৰীয়া চ’ৰা” ছাত্ৰ-সংসদৰ দ্বাৰা পৰিচালিত। এই চ’ৰাত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ মাজত হেতা-ওপৰা লগা দেখা যায়। ছাত্ৰ-সংসদৰ পৰিচালনা শলাগ ল’বলগীয়া। ইয়াৰ উপৰিও সহঃ বিদ্যায়তনিক দিশত ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিবৰ বাবে বছৰৰ প্ৰথম মাহটোৰ শেষলৈ নৃত্য, গীত, খেল-ধেমালি আদিৰে বিদ্যালয় সপ্তাহ পাতি, বঁটা বিতৰণী সভাত বিজয়ীসকলক পুৰস্কৃত কৰা হয়। 

উৎসৱ আৰু দিৱস

আমাৰ বিদ্যালয়ত গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, গান্ধী জয়ন্তী, শিশু দিৱস, যোগ দিৱসআদিকে ধৰি শৈক্ষিক দিনপঞ্জীত অন্তৰ্ভুক্ত সকলো দিৱস/উৎসৱ উদযাপন কৰা হয়। সেইদৰে ২২ মাৰ্চ আৰু ৫ জুনত ক্ৰমে "বিশ্ব জল দিৱস" আৰু‌ "বিশ্ব পৰিৱেশ দিৱস"ত পানী সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় বক্তৃতা, আকস্মিক বক্তৃতা, বৃক্ষৰোপণ, আদি কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিদ্যালয়ত শংকৰদেৱৰ তিথিও বৰ উলহ-মালহেৰে পালন কৰা হয়। শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে নাম গায়। দুই-এজন ছাত্ৰই নেগেৰা বজায়। ইয়াৰ লগত সংগতি ৰাখি ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। শেষত প্ৰসাদ বিতৰণ কৰা হয়।

১৭ জানুৱাৰী আৰু ২০ জুনত ক্ৰমে  "শিল্পী দিৱস" আৰু "ৰাভা দিৱস"  পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।


বিদ্যালয়ৰ সৰস্বতী পূজা অতি সুন্দৰভাৱে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকাৰ সহযোগত অনুষ্ঠিত কৰা হয়। তেজপুৰ চহৰৰ বহু লোকে এই বিদ্যালয়ৰ পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

বিদ্যালয়ে সন্মুখীন হৈ থকা সমস্যা

 

শ্ৰেণী অনুপাতে এই বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ। বিদ্যালয়ত অংকুৰ, মুকুল, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম এই সাতটা শ্ৰেণীৰ পাঠদান হয়। প্ৰতিটো শ্ৰেণীৰ আকৌ তিনিটাকৈ শাখাত ৫০ জন ছাত্ৰ-ছাত্ৰীকৈ ভাগ কৰা হয়। ৰাইজৰ দান-বৰঙণিৰ দ্বাৰা বিদ্যালয়ৰ উৎসৱ-পাৰ্বন, বিজুলী খৰচ, চাফ-চিকুণতা, বিদ্যালয় মাতৃৰ দৰমহা আদি দিব পৰা হয় যদিও শ্ৰেণী অনুপাতে ডেক্স, বেঞ্চ, চৌকিদাৰ, চাফাই কৰ্মী আৰু এখন ভাল খেলপথাৰৰ অভাৱ।

bottom of page