NISHTHA প্ৰশিক্ষণ
বৰ্তমান শিক্ষা ব্যৱস্থাৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক চৰকাৰীভাৱে যথেষ্ট প্ৰশিক্ষণ দিয়া হৈছে। শেহতীয়াভাৱে দিয়া নিষ্ঠা (NISHTHA) প্ৰশিক্ষণৰ দ্বাৰা সকলো শিক্ষক যথেষ্ট উপকৃত হৈছে আৰু শ্ৰেণীকোঠাত তথ্য আৰু যোগাযোগ পদ্ধতি ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। যিহেতু বিদ্যালয়ত কোনো ইণ্টাৰনেট সেৱা, স্মাৰ্ট-বোৰ্ড, প্ৰজেক্টৰ আৰু ভিজুৱেল-এইড্চৰ ব্যৱস্থা নাই, সেইবাবে নিষ্ঠা প্ৰশিক্ষণৰ অন্তত তথ্য আৰু যোগাযোগ পদ্ধতিৰ বাবে শিক্ষকসকলে শ্ৰেণীত নিজা স্মাৰ্ট ফোন ব্যৱহাৰেৰে শিক্ষাদান কৰি আছে।
"NISHTHA" (National Initiative for School Heads' and Teachers' Holistic Advancement) হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰদ্বাৰা বিদ্যালয়ৰ প্ৰধান আৰু সহকাৰী শিক্ষকসকলৰ সামগ্ৰিক অগ্ৰগতিৰ বাবে লোৱা এক ৰাষ্ট্ৰজোৰা পদক্ষেপ।
এই নিষ্ঠা প্ৰশিক্ষণৰ বৈশিষ্ট্য :
১) বিষয় আৰু পদ্ধতিৰ সমন্বয়।
২) সামাজিক বিষয়বস্তুৰ লগত বিদ্যালয়ৰ সম্পৰ্ক স্থাপন।
৩) শিক্ষকৰ নেতৃত্ব গুণৰ বিকাশ ঘটোৱা।
৪) তথ্য আৰু যোগাযোগ পদ্ধতিৰ (ICT) লগত শিক্ষকৰ পৰিচয় ঘটোৱা।
৫) শিকনশৈলী (Pedagogy) উন্নীত কৰা।
৬) শিকন ফলাফলৰ (Learning Outcome), অৰ্হতা ভিত্তিক মূল্যায়নৰ ওপৰত গুৰুত্ব প্ৰদান।
আন্তঃবিদ্যালয় প্ৰশিক্ষণ (Cluster Meet)
প্ৰত্যেক মাহৰ শেষৰ ফালে এদিন Cluster Meeting ৰখা হয়। সেই সভাত আমাৰ বিদ্যালয়ৰ লগতে আৰু দুখন বিদ্যালয়ে অংশগ্ৰহণ কৰে। প্ৰতিখন বিদ্যালয়ৰ প্ৰধান আৰু সহকাৰী শিক্ষক উপস্থিত থাকে। সেইদিনা আমাৰ cluster ৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক (Cluster Resource Center Coordinator) মহোদয়ে আটাইকেইখন বিদ্যালয়ৰ কিবা সমস্যা থাকিলে আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ প্ৰয়াস কৰে। লগতে কেতিয়াবা প্ৰশিক্ষণ কাৰ্যসূচীৰ কথাও আলোচনা কৰা হয় আৰু শিক্ষকসকলক নতুন শিকন পদ্ধতিৰ বিষয়সমূহৰ লগতে বিদ্যালয় প্ৰধান সকলে কাৰ্যক্ষেত্ৰত মোকাবিলা কৰিবলগা অগ্ৰাধিকাৰসমূহ আলোচনা কৰে।