top of page
শাৰীৰিক শিক্ষা

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সময়ানুৱৰ্তিতা আৰু নিয়মানুৱৰ্তিতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত শেষ পিৰিয়ডত সপ্তাহত দুদিন কুচকাৱাজ কৰোৱা হয়। ছাত্ৰ-ছাত্ৰীসকলে অতি আগ্ৰহেৰে আৰু আনন্দমনেৰে এই কুচকাৱাজত ভাগ লয়। ড্ৰামৰ তালে তালে ছাত্ৰ-ছাত্ৰীসকলে অনুশীলন কৰে। লগতে কিছু পৰিমাণে মুক্ত ব্যায়াম আৰু যোগাভ্যাস কৰোৱা হয়। এই গোটেই অনুষ্ঠানটোৰ দায়িত্বত থাকে বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰীযুত বিচিত্ৰ ডেকা (Ex-NCC cadet, 5 Assam Bn)কোনো ছাত্ৰ-ছাত্ৰী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হ'লে বিদ্যালয়তে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। 

কলা শিক্ষা

বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক কলা শিক্ষা দিওঁতে পৰিবেশ্য আৰু দৃশ্য কলা হিচাপে ভাগ কৰি শিকোৱা হয় । পৰিবেশ্য কলা হিচাপে সঙ্গীত, নৃত্য, অভিনয় কৰা, কবিতা আবৃত্তি কৰা, সাধুকথা কোৱা, মুকাভিনয় আদি শিকোৱা হয়। দৃশ্য কলাত ছবি অঁকা, মাটিৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা যেনে চাকি, ফল-মূল, শাক-পাচলি তৈয়াৰ কৰা,কাগজৰে ফুল তৈয়াৰ কৰা, ফুলদানি, পেলনীয়া সামগ্ৰীৰে লাগতিয়াল সামগ্ৰী তৈয়াৰ কৰা আদিৰ শিক্ষা প্ৰদান কৰা হয়

পৰিৱেশ শিক্ষা

পৰিৱেশ শিক্ষাত পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীক গছ-পুলি ৰোপণ কৰিবলৈ দিয়া হয়। পৰিৱেশ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে শিক্ষামূলক ভ্ৰমণ কৰোৱা হয়। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণ কৰোঁতে লগত এখনকৈ বহী আৰু কলম নিবলৈ দিয়া হয়।  ভ্ৰমণত পোৱা অভিজ্ঞতাসমূহ লিপিবদ্ধ কৰি পাছত প্ৰাতঃ সভাত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক পাঠ কৰিবলৈ দিয়া হয়।

চকীদাৰ

চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত বৰ্তমান কোনো চকীদাৰ নাই। বিদ্যালয়ৰ পৰিচালনা কমিটিৰ ফালৰ পৰা এগৰাকী ৰখীয়া (আয়া) ৰখাৰ ব্যৱস্থা কৰা হৈছে। তেওঁৰ পাৰিতোষিক পৰিচালনা কমিটিয়ে বহন কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অনুপাতে এগৰাকী আয়া যথেষ্ট নহয়। কিন্তু আৰ্থিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এগৰাকীকে দায়িত্ব দিয়া হৈছে।

বে-চৰকাৰী সংগঠন

ভাৰতৰ বিদ্যালয়ৰ ছাত্র ছাত্ৰীক প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সচেতন আৰু সহানুভূতিশীল হ'বলৈ শিক্ষা প্ৰদান কৰা ভাৰতৰ আগশাৰীৰ বে-চৰকাৰী সংগঠন "Sanctuary Asia Kids For Tigers" ২০১৫ চনৰ পৰা এই বিদ্যালয়ৰ লগত জড়িত হৈ আছে। এই সংগঠনে ছাত্ৰ-ছাত্ৰীক "প্ৰকৃতি অনুসৰণ"(nature trail), প্ৰকৃতি বিষয়ক তথ্য চিত্ৰ প্ৰদৰ্শন, শিক্ষক কৰ্মশালা আদি অনুষ্ঠিত কৰি এই ক্ষেত্ৰত শিক্ষা প্ৰদান কৰি আহিছে। তদুপৰি এই সংগঠনে ২০১৭ বৰ্ষৰ ফেব্ৰুৱাৰীত এই বিদ্যালয়ত Kids For Tigers (Tiger fest)  উৎসৱ অনুষ্ঠিত কৰে আৰু তাত বিশিষ্ঠ অতিথি হিচাপে অৰণ্যমানৱ পদ্মশ্ৰী যাদৱ পায়েং দেৱে অংশগ্ৰহণ কৰে।

স্বাস্থ্য পৰীক্ষা

বিদ্যালয়ত সময়ে সময়ে হোৱা স্বাস্থ্য শিবিৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পেলুৰ ঔষধ, আইৰন-ফলিক এচিড আৰু ভিটামিনৰ বড়ি বিতৰণ কৰা হয়। ইয়াৰ লগতে NHM আৰু RBSK সংস্থাই নিয়মিতভাৱে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষণৰ ব্যৱস্থা কৰে।

দুৰ্যোগ নিবাৰণ

আমাৰ বিদ্যালয়ত দুৰ্যোগ নিবাৰণৰ প্ৰাথমিক সুবিধা আছে। দুৰ্যোগ নিবাৰণৰ সজাগতা, সাৱধানতাৰ বিষয়ে প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকে (বিপিন চন্দ্ৰ নাথ, বিপুল চন্দ্ৰ বৰা আৰু বিচিত্ৰ ডেকা) ছাত্ৰ-ছাত্ৰীসকলক ভূমিকম্প, বানপানী, জুই নুমুৱা আদিৰ প্ৰাথমিক জ্ঞান দিয়ে।

পৰিচালনা সমিতি আৰু মাতৃ গোট

বিদ্যালয়ৰ সাধাৰণ সভাত অভিভাৱক-অভিভাৱকৰ মাজৰ পৰাই বিদ্যালয়ৰ "মাতৃ গোট" গঠন কৰা হয়। ইয়াৰ সদস্য সংখ্যা ১০ গৰাকী। মাতৃ গোটে বিদ্যালয়ত সহায়কাৰী হিচাপে শিক্ষকক সহযোগ তথা তেওঁলোকক দিয়া দায়িত্ব পালন কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ তদাৰক কৰে।

বিদ্যালয়ৰ অভিভাৱক-অভিভাৱকৰ মাজৰ পৰাই বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন কৰা হয়। সদস্যৰ সংখ্যা ১৬ গৰাকী। ইয়াৰ ৩৩ শতাংশ মহিলা। বিদ্যালয়ৰ প্ৰধান শিক্ষকজন সমিতিৰ সদস্য সচিব। পৰিচালনা সমিতিখন অসম চৰকাৰৰ দ্বাৰা পৰিচালিত। সমিতিৰ কাৰ্যকাল ৩ বছৰ। বিদ্যালয়ৰ প্ৰায়বোৰ কাম-কাজত তেওঁলোকৰ অনুমোদনৰ প্ৰয়োজন হয়।

IMG-20200614-WA0036.jpg

শাৰীৰিক শিক্ষাৰ মুহূৰ্ত

[000423].jpg

মাটিৰে বৰ্ণ তৈয়াৰ কৰাৰ দৃশ্য

Copy of Field Trip .jpg

ক্ষেত্ৰ-ভ্ৰমণলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ দল

অৰণ্য মানৱ পদ্মশ্ৰীযাদৱ পায়ে্ংJPG.jpg

Tiger fest ৰ কেইটামান মুহূৰ্ত

IMG-20200614-WA0010.jpg

স্বাস্থ্য শিবিৰত প্ৰতিষেধক ছিটা দিয়াৰ দৃশ্য

IMG-20200614-WA0004.jpg

দুৰ্যোগ প্ৰশমনৰ শিক্ষা

bottom of page