প্ৰধান শিক্ষকৰ মেজৰ পৰা
..."শিক্ষাই বিকশিত কৰে সৌন্দৰ্য আৰু মানৱীয় গুণৰাজি। সেয়েহে শিক্ষাৰ দ্বাৰা দৈহিক, মানসিক, আধ্যাত্মিক বিকাশ সাধন সম্ভৱ বুলি ক'ব পাৰি।"...
বিদ্যালয়ৰ বতৰা
-
অহা ২৯/১/২০২১ তাৰিখ শুক্ৰবাৰে পুৱা ১০ বজাৰপৰা বিদ্যালয়ত (২০২১-২০২২) বৰ্ষৰ বাবে নতুন নাম ভৰ্তি আৰম্ভ হ'ব। নাম ভৰ্তিৰ বাবে দুখনকৈ passport ফটো লৈ আহিবলৈ অনুৰোধ কৰা হ'ল।
(প্ৰকাশিত: ২৮-১-২০২১)
-
২০১৯ চনৰ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত বিদ্যালয়ৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। পৰীক্ষাৰ ফলাফল ১৫-১১-২০২০ তাৰিখে ঘোষণা কৰা হয়। (নামসমূহ কৃতিত্ব পৃ্ষ্ঠাত প্ৰকাশ কৰা হৈছে।)
-
বিদ্যালয়ৰ ৱেবচাইটৰ জৰিয়তে প্ৰতি ৩ মাহৰ অন্তৰে অন্তৰে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লোৱা, e-আলোচনী "e-মুকুতা"ৰ দ্বিতীয় সংস্কৰণ ১১-১১-২০২০ তাৰিখে ৱেবচাইটত প্ৰকাশ পাইছে। ছাত্র-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, আৰু শুভাকাংক্ষীসকলক আলোচনীখন পঢ়িবলৈ আৰু তাৰ লগত জড়িত প্ৰয়োজনীয় দিহা-পৰামৰ্শ আমাৰ ফেচবুক পৃষ্ঠাৰ জৰিয়তে দিবলৈ অনুৰোধ জনোৱা হ'ল।
(প্ৰকাশিত: ১৮-১১-২০২০)
-
বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগত যোগাযোগ ৰাখিবলৈ বিদ্যালয়ৰ আনুষ্ঠানিক ফেইচবুক পৃষ্ঠা অনুসৰণ কৰক।
(প্ৰকাশিত: ৩১-০৮-২০২০)
আমাৰ শেহতীয়া কাম-কাজৰ বিষয়ে জানিবলৈ Facebook পেজ আৰু YouTube লিংক অনুসৰণ কৰক।
-
বিদ্যালয়ত নতুন নামভৰ্তিৰ কাৰণে ৫-১-২০২১ তাৰিখৰপৰা প্ৰ-পত্ৰ দি থকা হৈছে। ইচ্ছুক অভিভাৱকসকলে প্ৰ-পত্ৰসমূহ বিদ্যালয়ৰপৰাই সংগ্ৰহ কৰিব পাৰিব।
-
নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ১-১-২০২১ তাৰিখৰপৰা আৰম্ভ হৈছে বিদ্যালয়ত পাঠ দান। চৰকাৰৰ নীতি-নিৰ্দেশনাৰ মাজেদি সকলো ক'ভিড নীতি-নিয়ম মানি প্ৰথমৰপৰা পঞ্চম শ্ৰেণীলৈ এদিন এৰি এদিনকৈ পাঠ দান কৰা হ'ব।
নিৰ্দেশনা অনুসৰিঃ প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ'ব। মঙ্গল, বৃহস্পতি আৰু শনিবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ'ব।
(প্ৰকাশিত: ৫-১-২০২১)