(প্ৰকাশিত: ১৮-১১-২০২০)
-
৫ নৱেম্বৰ ২০২০ৰ পৰা বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টৰ প্র-পত্ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা পূৰণ কৰি থকা হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও প্ৰ-পত্ৰ পূৰণ কৰা নাই, তেওঁলোকে বিদ্যালয়লৈ আহি শ্ৰেণী শিক্ষকক যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
(প্ৰকাশিত: ৯-১০-২০২০)
-
৮/১০/২০২০ তাৰিখে অনুস্থিত হোৱা শিক্ষক গোট সভাৰ সিদ্ধান্তৰ্মমে বিভাগীয় নিদ্দেৰ্শনা অনুযায়ী প্ৰথম শ্ৰেণীৰপৰা পঞ্চম শ্ৰেণীলৈ প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট খোলাৰ বাবে আলোচনা কৰি অহা সোমবাৰ ১২/১০/২০২০ তাৰিখে বেংক একাউণ্টৰ প্ৰাথমিক কামবোৰ কৰা হ'ব
(প্ৰকাশিত: ৩১-০৮-২০২০)
-
২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলা হ'ব। চৰকাৰী নিৰ্দেশনা অনুসৰি ৫০% শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত থাকিব পাৰিব।
-
বিদ্যালয়ৰ student mapping-ৰ বাবে, সকলো অভিভাৱক-অভিভাৱিকাৰ পৰা তেওঁলোকৰ বেংক পাচবুকৰ প্ৰথম পৃষ্ঠাৰ ফটো কপি, IFSC code, caste, আৰু এটা সক্ৰিয় ফোন নম্বৰ বিচৰা হৈছে। এইসমূহ শ্ৰেণী অনুসৰি থকা WhatsApp গ্ৰুপত দিবলৈ সকলোকে অনুৰোধ জনোৱা হ'ল। (যিসকল WhatsApp-ত নাই তেওঁলোকক স্কুলত জমা দিবলৈ সময়ত যোগাযোগ কৰা হ'ব ।)
-
১ ছেপ্টেম্বৰৰপৰা ২১ ছেপ্টেম্বৰলৈ বিদ্যালয়ৰ শ্ৰেণীসজ্জা আৰু বীজাণুমুক্তকৰণ প্ৰক্ৰিয়া চলিব।
(প্ৰকাশিত:২০-০৮-২০২০)
-
২২ আগষ্ট, চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস।
(প্ৰকাশিত: ৩০-০৬-২০২০)
-
৩০ জুন, ২০২০-ত বিদ্যালয়ৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী মিনা বৰাই অৱসৰ গ্ৰহণ কৰে।
-
৩০ জুন, ২০২০-ত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।