top of page

কম্পিউটাৰ
ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ নিজা প্ৰচেষ্টাত কম্পিউটাৰ শিক্ষা দিয়া হয়। বিদ্যালয়ত বৰ্তমান দুটা কম্পিউটাৰ আছে। এই কম্পিউটাৰৰ এটা ঘৰপাৰা চুবুৰী নিবাসী যুৱ ব্যৱসায়ী শ্ৰীযুত মণ্টুল নাথে ২০১৭ চনত বিদ্যালয়লৈ আগবঢ়ায়। ইয়াৰ পাছত ২০১৭ বৰ্ষৰ ১৪ নৱেম্বৰত আমট্ৰনৰ উপাধ্যক্ষ শ্ৰীযুত ঋতুবৰণ শৰ্মাই আন এটা কম্পিউটাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ দান কৰে। বিদ্যালয়ত কম্পিউটাৰ শিকোৱাৰ বাবে কোনো স্থায়ী কম্পিউটাৰ শিক্ষক নাই যদিও বিদ্যালয়ৰ সহকাৰী শিক্ষকসকলেই ছাত্ৰ-ছাত্ৰীসকলৰ কম্পিউটাৰ শিক্ষাৰ তত্বাৱধান কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে কম্পিউটাৰ পৰ্যাপ্ত নহয় বাবে সপ্তাহত দুবাৰকৈ এটা শাখাক কম্পিউটাৰ শিকোৱা হয়। কেৱল চতুৰ্থ আৰু পঞ্চম শ্ৰেণীকহে কম্পিউটাৰৰ শিক্ষা দিয়া হয় আৰু তেওঁলোকে Hardware, software, Ms Office, painting আদিৰ বিষয়ে শিকি আছে। বিদ্যালয়ত বৰ্তমানলৈ ইণ্টাৰনেটৰ সুবিধা অহা নাই ।


bottom of page