top of page
প্ৰধান শিক্ষকৰ মেজৰ পৰা একলম

তেজপুৰ চহৰৰ মাজ মজিয়াত ১৯৩৫ চনৰ ২২ আগষ্টত স্থাপিত হোৱা চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়খনিৰ আছে এক তুলনাবিহীন গৌৰৱময় ইতিহাস। এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনিৰ প্ৰধান শিক্ষক হিচাপে যোৱা ইং ১/৫/২০ তাৰিখে মই কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে দায়িত্বভাৰ মূৰ পাতি ল'লোঁ।

 

শিক্ষাই বিকশিত কৰে সৌন্দৰ্য আৰু মানৱীয় গুণৰাজি। সেয়েহে শিক্ষাৰ দ্বাৰা দৈহিক, মানসিক, আধ্যাত্মিক বিকাশ সাধন সম্ভৱ বুলি ক'ব পাৰি। আমাক শিক্ষক-শিক্ষয়িত্ৰীৰ একনিষ্ঠ ত্যাগৰ আধাৰস্বৰূপ এই কণ কণ শিশুসকলে ৰচে এখন দেশৰ সোণোৱালী ভৱিষ্যত। এই ক্ষেত্ৰত আমাৰ বিদ্যালয়খন ব্যতিক্ৰম নহয়। বৰ্তমান গতিশীল সমাজ ব্যৱস্থাত পৰিৱৰ্তনৰ লগত সংগতি ৰাখি আমি আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পুথিগত জ্ঞানৰ মাজতে আবদ্ধ নাৰাখি সাংস্কৃতিক, শাৰীৰিক, মানসিক আৰু কম্পিউটাৰ শিক্ষাৰ লগত পৰিচয় কৰাই দিবলৈ প্ৰয়াস কৰি আহিছোঁ। বৰ্তমান শোণিতপুৰ জিলাৰ বে-চৰকাৰী বিদ্যালয়সমূহৰ সমানে ফেৰ মাৰিব পৰাকৈ আমাৰ বিদ্যালয়খনিৰ এক অন্যতম পৰিচয় আছে।

 

মই এই গৌৰৱময় বিদ্যালয়খনতে মোৰ প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিলোঁ। ইয়াৰ পাছত উচ্চ শিক্ষা গ্ৰহণ কৰি ১৯৮৬ চনত ঘৰপাৰা চুবুৰী প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কামত যোগদান কৰোঁ। ইয়াৰ পাছত ১৯৯৭ চনত এই বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কাম কৰি আছিলোঁ। বৰ্তমান এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰিবলৈ পাই মই মোৰ জীৱনৰ সাৰ্থকতা অনুভৱ কৰিছোঁ। 

Headmaster.jpg

যিসকল ব্যক্তিয়ে নিজৰ স্বাৰ্থক তুচ্ছ জ্ঞান কৰি নিজৰ জাতি, নিজৰ সমাজখনৰ উন্নতিৰ হকে জীৱনৰ অধিকাংশ সময় ব্যয় কৰি জাতিটো আৰু সমাজখনৰ কিবা এটা কৰি থৈ অমৰত্ব লাভ কৰে তেনে ব্যক্তিসকলৰ ভিতৰত তেজপুৰৰ শ্ৰদ্ধাৰ প্ৰয়াত প্ৰধান শিক্ষক বেণুধৰ শ‌ইকীয়া ছাৰৰ কথা মই আজিও পাহৰিব পৰা নাই। তেখেতে মোৰ প্ৰাথমিক শিক্ষাৰ জীৱনত এটা মচিব নোৱৰা সাঁচ বহুৱাই থৈ গ'ল। তেখেতৰ আশিস শিৰোধাৰ্য কৰি তেখেতৰ দৰে কাম কৰিম বুলি মনটো দৃঢ় কৰি ল'লোঁ।

 

বিদ্যালয়খনক অনলাইন জগতত উপস্থাপন কৰাৰ মানসেৰে বহুদিনীয়া পৰিকল্পনাৰ অন্তত এই ৱেবছাইটটি আৰম্ভ কৰিছোঁ।

 

শেষত মই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে সকলো শুভাকাংক্ষীলৈ মোৰ হিয়াভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ইয়াতেই মোৰ প্ৰধান শিক্ষকৰ পাতনি সামৰণি মাৰিলোঁ।

 

শ্ৰী ৰিতুল বৰা

প্ৰধান শিক্ষক

চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়

তেজপুৰ, শোণিতপুৰ

তাং ৩০/০৬/২০২০

bottom of page