অসমীয়া: শ্ৰেণীকোঠাত অসমীয়া ভাষা শিকাওঁতে বিভিন্ন দিশৰ ক্ষেত্ৰত থকা ধাৰণা আৰু কৌশল প্ৰয়োগ কৰা হয়। প্ৰতিটো শ্ৰেণীত অসমীয়া ভাষাৰ শিক্ষণৰ উদ্দেশ্যসমূহ শিকন ফলাফলৰ প্ৰতি লক্ষ্য ৰখা হয়। ছাত্ৰ-ছাত্ৰীৰ শ্ৰৱণ, কথন, পঠন, আৰু লিখনৰ কৌশলসমূহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল শ্ৰেণীকোঠালৈ যি শিকি আহিছে তাক ভিত্তি কৰিয়েই তেওঁলোকক নতুন ৰূপত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ চেষ্টা কৰা হয়। অংকুৰ শ্ৰেণীত খেলাৰ মাধ্যমেৰে শ্ৰৱণ, কথন আৰু পঠনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। মুকুল আৰু প্ৰথম শ্ৰেণীত আটা, মাটি ব্যৱহাৰ কৰি বৰ্ণ গঠন কৰিবলৈ শিকোৱা হয় যাতে ছাত্ৰ-ছাত্ৰীৰ বৰ্ণৰ জ্ঞান দৃঢ় আৰু স্থায়ী হয়। দ্বিতীয় শ্ৰেণীত যুক্তাক্ষৰ গঠন লগতে বাক্য সজাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ভাষাৰ ছাত্ৰ-ছাত্ৰী সকলক অসমীয়া ভাষাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা আৰু বিদ্যায়তনিকভাৱেও তেওঁলোকক অধিক সৃষ্টিশীল কৰাত সহায় কৰা হয়। বিভিন্ন দৃশ্য-শ্ৰাব্য সামগ্ৰী আৰু অন্য শিক্ষন শিকন সঁজুলি ব্যৱহাৰ কৰা হয়।
গণিত: ছাত্ৰ-ছাত্ৰীসকলক দৈনন্দিন জীৱনত গণিতৰ ধাৰণাসমূহক সাংখ্যিক ৰূপত ব্যৱহাৰ কৰা আৰু সেইবোৰ দৈনন্দিন জীৱনত প্ৰয়োগৰ শিক্ষা দিয়া হয়। শ্ৰেণীকোঠাৰ পাঠদান কৌশলৰ লগতে পৰিমাণ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ গণিতৰ প্ৰতি ভয় শিক্ষকসকলে আঁতৰাবলৈ চেষ্টা কৰে। ছাত্ৰ-ছাত্ৰীৰ সামাজিক, ব্যক্তিগত গুণৰাজিৰ বিকাশ কৰাত সহায় কৰা হয়। আৰম্ভণিতে প্ৰকৃতিত সহজতে পোৱা বস্তুসমূহৰে সংখ্যাৰ ধাৰণা দিয়া হয়। ছাত্ৰ-ছাত্ৰীসকলক চিত্ৰসমূহৰ বিশ্লেষণ কৰা, তথ্যসমূহৰ প্ৰতীক ব্যবহাৰ কৰা, তেওঁলোকৰ ধাৰণাসমূহ স্পষ্ট ৰূপত প্ৰকাশ আৰু উপস্থাপন কৰাত সহায় কৰা হয়। বিভিন্ন শিকন সামগ্ৰী (পাঠৰ লগত সংগতি থকা) ব্যৱহাৰ কৰি গণিত বিষয়টোৰ পাঠদান দিয়া হয়।
ইংৰাজী: শ্ৰেণীকোঠাত ইংৰাজী শিকাওঁতে বিভিন্ন দিশৰ ক্ষেত্ৰত থকা ধাৰণা আৰু কৌশল প্ৰয়োগ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষা প্ৰয়োগ কৰি ইংৰাজী ভাষাৰ ধাৰণা দিয়া হয়। প্ৰথমে শিক্ষকে পঢ়ি শুনাই তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক পঢ়িবলৈ দিয়া হয়। কবিতাৰ শব্দবোৰ পৰিৱৰ্তন কৰি অৰ্থ বুজোৱা হয়। লিখনৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক পাঠদান দিয়া হয়। বিভিন্ন প্ৰক্ৰিয়াৰে পঠন, শ্ৰৱণ, কথন, আৰু লিখনৰ কৌশলসমূহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্ব জ্ঞানৰ ওপৰত ভিত্তি কৰি তেওঁলোকক পাঠদান আগবঢ়োৱা হয়। অংকুৰণ শ্ৰেণীত খেলাৰ মাধ্যমেৰে শ্ৰৱণ, কথন আৰু পঠনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। মুকুল আৰু প্ৰথম শ্ৰেণীত আটা, মাটি ব্যৱহাৰ কৰি বৰ্ণ গঠন কৰিবলৈ শিকোৱা হয় যাতে ছাত্ৰ-ছাত্ৰীৰ বৰ্ণৰ আৰু শব্দৰ জ্ঞান দৃঢ় আৰু স্থায়ী হয়। দ্বিতীয় শ্ৰেণীত বাক্য সজাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী পাঠ্যপুথি পাঠবোৰৰ প্ৰশ্নোত্তৰ লিখিবলৈ শিকোৱা, ব্যাকৰণ, লগতে ইংৰাজী ভাষাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা আৰু বিদ্যায়তনিকভাৱেও তেওঁলোকক অধিক সৃষ্টিশীল কৰাত সহায় কৰা হয়। বিভিন্ন দৃশ্য-শ্ৰাব্য সামগ্ৰী আৰু অন্য শিক্ষন শিকন সঁজুলি ব্যৱহাৰ কৰা হয়।