মোৰ দৃষ্টিত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়
পদ্মিনী দেৱী
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী
ইতিহাসে গৰকা তেজপুৰ নগৰৰ মাজ মজিয়াত অৱস্থিত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ স্মৃতিবোৰ মোৰ মানস পটত চিৰবিদ্যমান হৈ থাকিব। শিক্ষকতা জীৱনৰ আৰম্ভণিৰে পৰা যিকেইখন বিদ্যালয়ত শিক্ষকতা কৰিছিলোঁ সেইবোৰৰ ভিতৰত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয় আছিল অন্যতম। ১৯৯৪ চনৰ মে' মাহৰ পৰা ২০১৫ চনৰ জুন মাহলৈকে সুদীৰ্ঘ ২১ বছৰ শিক্ষকতা কৰি কটোৱা সেইখন বিদ্যালয় অসমৰ ভিতৰতে এখন জাকত জিলিকা বিদ্যালয়। প্ৰথম যিদিনা বিদ্যালয়ত যোগদান কৰিবলৈ গৈছিলোঁ সেইদিনা প্ৰাৰ্থনাসভাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা দেখি অভিভূত হৈ পৰিছিলোঁ। লগতে ভাবিছিলোঁ এই বিদ্যালয়ত কেনেদৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাম। সময় আগবঢ়াৰ লগে লগে বিদ্যালয়ৰ নীতি-নিয়ম আৰু শিক্ষা ব্যৱস্থাৰ প্ৰতি মই আকৃষ্ট হৈ পৰিলোঁ। শিক্ষয়িত্ৰীৰ দায়িত্ব লৈ মই ছাত্ৰ-ছাত্ৰীৰ মাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সদায় চেষ্টা কৰিছিলোঁ। কেৱল চিলভাৰ জুবিলীতে নহয়, আন কেইখন স্কুলতো মই মোৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিলোঁ।
মেধাবী ছাত্ৰ-ছাত্ৰীৰে পৰিপূৰ্ণ বিদ্যালয়খনত সময়বোৰ কেনেদৰে অতিবাহিত কৰিছিলোঁ সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। সকলো দিশতে পাৰদৰ্শিতা থকা ছাত্ৰ-ছাত্ৰীৰে ভৰা বিদ্যালয়খনৰ প্ৰতিটো দিশেই মোৰ মন সদায় সজীৱ কৰি ৰাখিব।
আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল প্ৰায় আঠশ গৰাকী। সেই অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যাও আছিল যথেষ্ট। অসম নিম্ন বুনিয়াদী বৃত্তি পৰীক্ষাত প্ৰতি বছৰে ২৫/৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰিছিল। শিক্ষাৰ উপৰিও বিদ্যালয়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাই সকলোৰে মনত আনন্দ দিছিল। এই ক্ষেত্ৰত অভিভাৱকৰ চেষ্টা আছিল অপৰিসীম। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত থকা বন্ধুত্ব সুলভ ব্যৱহাৰ আৰু মৰম-চেনেহবোৰে হয়তো মোক সদায় আমনি কৰি থাকিব। অৱসৰৰ পাছতো যাৰ বাবে মই আজিও অকলশৰীয়া অনুভৱ কৰোঁ।
আমাৰ বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বহুজনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহজনৰ ভিতৰত স্থান লাভ কৰিছিল। লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাসকল যেতিয়া আমাৰ কাষলৈ আহে আমি গৌৰৱ অনুভৱ কৰোঁ| শিক্ষক হিচাপে ছাত্ৰৰ-ছাত্ৰীসকলক কিমান দিব পাৰিছোঁ সেইটো নাজানো, কিন্তু কৰ্মসূত্ৰে তেওঁলোক য'তেই আছে ভগৱানে কুশলে ৰাখক। তেওঁলোকলৈ মোৰ হিয়া ভৰা আশীৰ্বাদ থাকিল।
চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ বিষয়ে কম শব্দৰে লিখি শেষ কৰাটো ভুৰুকাত হাতী ভৰোৱাৰ নিচিনা কথা। যিসকলে বৰ্তমান বিদ্যালয়ত শিক্ষকতা কৰি আছে তেওঁলোক পবিত্ৰ মনেৰে শিক্ষাদান কৰাত অগ্ৰসৰ হওক। কৰ্মত অৱহেলা নকৰি ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ আৰু শিশুসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিবলৈ ভগৱানে তেওঁলোকৰ মনত অফুৰন্ত শক্তি দিয়ক।
শেষত মই এৰি অহা মৰমৰ বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীকে পৰম পিতা পৰমেশ্বৰে কুশলে ৰাখক। এয়ে তেওঁৰ ওচৰত প্ৰাৰ্থনা।।