আমাৰ ভাইটি
আমাৰ ভাইটি কণমানি,
মাতে ঠুনুক ঠানাক কৰি।
খোজ কাঢ়ে চোতালত,
চুপুক চাপাক কৰি।
বৰ মৰম লগা আমাৰ,
নিচেই সৰু ভাইটি।
মৰমতে আমি তাক,
মাতো কণ বুলি।
লাগে তাক চকলেট,
খাব কিন্তু নোৱাৰে।
নিদিলে সি পেন-পেনাই,
কান্দি-কাতি থাকে।
চিম্পি ভূঞা, চতুৰ্থ শ্ৰেণী
আইতাৰ তামোল-পাণ
অ’ আইতা অ’ আইতা
কি কৰিছা বাৰু,
তামোল-পাণৰ বাৰীখনত
কি বিচাৰিছা বাৰু।
তামোল-পাণ চূণৰ সৈতে
মকামকিকৈ খোৱা,
আমি বিচাৰিলে তুমি আমাক
কিয় যে নিদিয়া।
ধনশ্যাম চৌধুৰী, দ্বিতীয় শ্ৰেণী
পানী
বৰষুণৰ পৰা পানী হয়,
পানীয়েই আমাৰ প্ৰাণ,
পানী নহ’লে সকলো জীৱ,
জীয়াই থকাই টান।
প্ৰকৃতিয়ে দিয়ে আমাক বায়ু আৰু পানী,
যদি সৎ ব্যৱহাৰ কৰিব নোৱাৰো আমি,
তেহে পৃথিৱীৰ হ’ব ক্ষতি।
প্ৰকৃতিৰ কিযে মহান দান,
আমি সৎ ব্যৱহাৰ কৰাটোহে,
উচিত কাম।
পংখী শইকীয়া, পঞ্চম শ্ৰেণী
পানী আমাৰ জীৱনৰ প্ৰধান উৎস। পানী অবিহনে কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। দৈনন্দিন ব্যৱহৃত সকলো কামতে পানীয়েই মূল উপাদান। দৈনন্দিন জীৱনত পানীৰ ব্যৱহাৰ মানুহে ঠিকেই কৰি আহিছে, কিন্তু সংৰক্ষণ কৰাৰ কথা খুব কম সংখ্যক মানুহে ভাবিছে। এনেদৰে যদি পানীৰ ব্যৱহাৰ বাঢ়ি গৈ থাকে আৰু পানী সংৰক্ষণ নকৰে হয়তো এনে এটা দিন আহিব পানী এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব অথবা নদ-নদী সকলো শুকাই যাব। ই এটা প্ৰাকৃতিক সম্পদ আৰু প্ৰকৃতিৰ পৰা পোৱা সম্পদ পানী সংৰক্ষণ কৰা পদ্ধতিৰ ভিতৰত একমাত্ৰ সহজ পদ্ধতি হৈছে বৰষুণৰ পানী সংৰক্ষণ কৰা। এই পানী সংৰক্ষণ কৰিবৰ বাবে নিজৰ ঘৰৰ ছালৰ পৰা পানী পাছত ব্যৱহাৰৰ বাবে ডাঙৰ টেংকিত ধৰা হয়। এই সংৰক্ষিত পানীৰ দ্বাৰা আমি দৈনন্দিন কাম যেনে- গৰু-ম'হৰ পানীৰ ব্যৱস্থা, কাপোৰ ধোৱা আদি আৰু বহুতো ক্ষেত্ৰত ব্যৱহাৰ হয়। যিবোৰ ঠাইত পানী যোগান ব্যৱস্থা অনিয়মিত অথবা পানী যোগানৰ পৰ্যাপ্ত সুবিধা নাই সেইবোৰ ঠাইত এই পদ্ধতি বেছিকৈ ব্যবহাৰ হয়। যিবোৰ দেশ শুকান আৰু বৰষুণ কম হয় তেনেবোৰ অঞ্চলতো ই বেছিকৈ জনপ্ৰিয়। মানুহে এটা কথাত গুৰুত্ব দিব লাগে যে দৈনন্দিন ব্যৱহাৰৰ বাবে যিমান পানীৰ দৰকাৰ, সেই হিচাপতহে ব্যৱহাৰ কৰা উচিত। তেতিয়াহে ভৱিষ্যতলৈ পানী সংৰক্ষণ কৰিব পৰা যাব।
শ্ৰেয়া চৌধুৰী, চতুৰ্থ শ্ৰেণী
কৰ’নাভাইৰাছ ৰোগৰ সময়ত কৰিবলগীয়া আৰু নকৰিবলগীয়াসমূহ
কৰিবলগীয়া--
১) সঘনাই হাত ধুই থাকিব লাগে।
২) নিজৰ মুখ আৰু নাক ঢাকি ৰাখিব লাগে।
৩) বেমাৰৰ কিবা লক্ষণ থাকিলে সংকোচ নকৰাকৈ ডাক্তৰক যোগাযোগ কৰিব লাগে।
৪) ঘৰৰ ভিতৰত থাকিব লাগে।
নকৰিবলগীয়া-
১) কাৰো লগত প্ৰত্যক্ষ সংস্পৰ্শ ৰাখিব নালাগে।
২) বেমাৰক ভয় আৰু লাজ কৰিব নালাগে।
৩) নিজৰ নাক, মুখ আৰু চকু অপৰিষ্কাৰ হাতেৰে চুব নালাগে।
চুমন বৰগোঁহাই, চতুৰ্থ শ্ৰেণী
আমাৰ পুথিভঁৰাল
আমাৰ বিদ্যালয়ত এটা পুথিভঁৰাল আছে। তালৈ গ’লে সদায়ে শৃংখলাবদ্ধভাৱে যাব লাগে। এই পুথিভঁৰালত বিভিন্ন ধৰণৰ পুথি থাকে। এই পুথিসমূহ পঢ়িলে আমাৰ শিক্ষাৰ বিকাশ হয়। পুথিভঁৰালত পুথিসমূহ সদায়ে মনে মনে পঢ়িব লাগে। নহ’লে আমাক ছাৰ বাইদেৱে বেয়া পায়। কিতাপ পঢ়ি বিভিন্ন ধৰণৰ কথা জানি মনত আনন্দ লাগে। সেয়ে পুথিভঁৰাললৈ গৈ মোৰ বৰ ভাল লাগে।
চয়নিকা চহৰীয়া, চতুৰ্থ শ্ৰেণী
পৰিৱেশ প্রদূষণ
ভৌতিক, ৰাসায়নিক নাইবা জৈৱিক কাৰকৰ প্ৰভাৱত পৰিৱেশত থকা বায়ু, পানী নাইবা মাটিৰ প্ৰতিকূল নাইবা অনাকাংক্ষিত পৰিৱৰ্তন হোৱাকে পৰিবেশ প্ৰদূষণ বোলে। পৰিৱেশৰ উপাদান বিলাক যেতিয়া প্ৰদূষিত হয় তেতিয়া উপাদানৰ নাম অনুসৰি প্ৰদূষণৰ নামকৰণ কৰা হয়। যেনে- বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণ, সাগৰৰ পানী প্ৰদূষণ, শব্দ প্ৰদূষণ আদি।
ৰিমি পাল, দ্বিতীয় শ্ৰেণী
পৰিৱেশ প্ৰদূষণ
১) জীৱ, বায়ু, পানী, মাটি আদি লগ লাগি আমাৰ পৰিৱেশ গঠিত হৈছে।
২) বায়ু, পানী আৰু মাটি নাথাকিলে কোনো জীৱই জীয়াই থাকিব নোৱাৰে।
৩) পৰিৱেশ যাতে প্ৰদূষিত হ’ব নোৱাৰে এই বিষয়ে সকলোৱে সচেতন হোৱা উচিত।
৪) আমাৰ পৰিৱেশৰ বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ হোৱা বুলি কোৱা হয়।
জয় সূত্ৰধৰ, পঞ্চম শ্ৰেণী
পানী সংৰক্ষণ
পানী আমাৰ অমূল্য সম্পদ। পানীৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। পৃথিৱীৰ উপৰিভাগৰ সৰহ অংশই পানীৰে আৱৰি আছে। পৃথিৱীৰ উপৰিভাগৰ পানীৰ ১০০ ভাগৰ ৯৭ ভাগেই হৈছে সাগৰ-মহাসাগৰৰ পানী। বাকী ৩ ভাগ নৈ, জান, জুৰি, বিল আৰু ভূ-গৰ্ভৰ পানী। এই তিনি ভাগ পানীয়েই আমাৰ ব্যৱহাৰৰ বাবে উপযোগী। সেইবাবে পানী যাতে অবাবত নষ্ট নহয় তাৰ বাবে আমি সকলোৱে সচেতন হ’ব লাগে।
দীক্ষা দেৱী, পঞ্চম শ্ৰেণী
আমাৰ ভাৰতবৰ্ষ
১) ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল।
২) আমাৰ ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
৩) আমাৰ ভাৰতবৰ্ষখন দক্ষিণ এছিয়াত অৱস্থিত।
৪) আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লী।
৫) আমাৰ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰীৰ নাম নৰেন্দ্ৰ দামোদৰদাস মোদী।
৬) ভাৰতৰ উত্তৰ পূব দিশত অসম অৱস্থিত।
৭) ভাৰতবৰ্ষৰ জাতীয় পতাকাখনৰ তিনিটা ৰং আছে। গেৰুৱা, বগা, সেউজীয়া আৰু মাজত ঘন নীলা ৰঙৰ অশোক চক্ৰ।
৮) ভাৰতবৰ্ষই মহাকাশলৈ পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আৰ্য্যভট্ট।
৯) ১৫ আগষ্টৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস পালন কৰা হয়।
১০) ২৬ জানুৱাৰীৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰ দিৱস পালন কৰা হয়।
অচিন্ত সাহা, চতুৰ্থ শ্ৰেণী
বানপানী হ'লে আমাৰ বহুত ধৰণৰ অসুবিধা হয়। সকলো জীৱ-জন্তুও অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। বানপানী হলে সাধাৰণতে ঘৰ-দুৱাৰ উটুৱাই লৈ যোৱা দেখা পোৱা যায়। মানুহৰ খাবলৈ খাদ্যবস্তুৰ অভাৱ হয়। গৰু, ছাগলী, জীৱ-জন্তু সকলোৰে খাদ্যৰ অভাৱ হয়। মানুহৰ খেতি-বাতি বহুত নষ্ট হয়।
ঝৰ্ণা দেৱী, চতুৰ্থ শ্ৰেণী
পানী
১) আমি খোৱা পানী ঢাকি ৰাখিব লাগে।
২) আমি সদায় বিশুদ্ধ পানী খাব লাগে।
৩) পানী ফিল্টাৰ কৰি খাব লাগে।
৪) আমি পানী বহুতো কামত ব্যৱহাৰ কৰিব লাগে।
৫) আমি পানী নহ’লে জীয়াই থাকিব নোৱাৰোঁ।
৬) আমি পানী অপব্যয় কৰিব নালাগে।
টিনা বেজবৰুৱা, চতুৰ্থ শ্ৰেণী
আমাৰ বিদ্যালয়ৰ বিষয়ে
১) আমাৰ বিদ্যালয়খন ১৯৩৫ চনৰ ২২ আগষ্ট তাৰিখে স্থাপিত হৈছিল।
২) আমাৰ বিদ্যালয়ৰ চৌহদত গছ-গছনি আছে।
৩) আমাৰ বিদ্যালয়ত খেলা-ধূলা কৰাৰ বাবে ঠাই আছে।
৪) আমাৰ বিদ্যালয়ত এটা পুথিভঁৰাল আছে।
৫) আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলে আমাক মৰম কৰি পঢ়ুৱায়।
৬) আমি আমাৰ বিদ্যালয়খন চাফ-চিকুণ কৰি ৰাখিব লাগে আৰু আমি বিদ্যালয়লৈ আহোঁতে চাফ-চিকুণ হৈ আহিব লাগে।
জিৎ মজুমদাৰ, চতুৰ্থ শ্ৰেণী
বানপানী
প্ৰতি বছৰ বানপানী অসমত এক ভয়ংকৰ ৰূপ লৈ আহে। বহুতো গাঁও আৰু চহৰ বানপানীত আক্ৰান্ত হৈ মানুহৰ জীৱনত কষ্ট বিয়পায়। বানপানীৰ ফলত বহুতো গছ-গছনিৰ ক্ষতি হয়, মানুহৰ ঘৰ-বাৰী ধ্বংস হৈ যায়, নদীৰ পানী উভতি ৰাস্তাত আহি পৰে আৰু যানবাহন চলাচল আৰু পথচাৰীসকলৰ কাৰণে অসুবিধা কঢ়িয়াই আনে। বানপানীৰ ফলত নদ-নদীৰ পানী পুখুৰীৰ পানী দূষিত হৈ পৰে আৰু ফলস্বৰূপে মানুহৰ শৰীৰত বিভিন্নৰোগৰ লক্ষণ দেখা পোৱা যায়; যেনে- কলেৰা, মেলেৰিয়া আদি। প্ৰথমবাৰৰ বানপানী কমাৰ পিছত আকৌ পুনৰবাৰ বানপানীৰ প্ৰকোপ দেখিবলৈ পোৱা যায়। বছৰৰ যিকোনো সময়ত অধিক বৰষুণৰ বাবে নদ-নদীবোৰৰ পানী বাঢ়ি এনে ধৰণৰ বিপদ কঢ়িয়াই আনে। কিন্তু আমি আশা ৰাখোঁ যে অসম এদিন বানপানীৰ কবলৰ পৰা মুক্ত হ'বই।
নিশান্ত চৰকাৰ, চতুৰ্থ শ্ৰেণী
মোৰ বিদ্যালয়
চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয় মোৰ বৰ মৰমৰ। মই এইখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰোঁ। আমাৰ বিদ্যালয়খন তেজপুৰৰ পূব দিশত অৱস্থিত। আমাৰ বিদ্যালয়ৰ ওচৰত যানবাহনৰ হুলস্থূল বহুত বেছি। তাৰ মাজতো আমাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে আমাক বহুতো শিক্ষা প্ৰদান কৰে। আমাৰ বিদ্যালয়খনৰ চাৰিওফালে প্ৰাকৃতিক পৰিৱেশৰে ভৰা। আমাৰ স্কুলখন ১৯৩৫ চনতে স্থাপিত হৈছিল। এইখনেই কেতিয়াও পাহৰিব নোৱাৰা মোৰ মৰমৰ বিদ্যালয়।
খুচি কলিতা, চতুৰ্থ শ্ৰেণী
বায়ু
আমাৰ চাৰিওফালে বায়ুয়ে আৱৰি আছে। বায়ুৰ এই আৱৰণটোক বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলত নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন ডাই-অক্সাইড আদি গেছ আছে। প্ৰাণীসমূহ জীয়াই থাকিবৰ বাবে অক্সিজেন গেছ লাগে। এই গেছ আমি গছ- গছনিৰ পৰা পাওঁ। প্ৰাণীয় কাৰ্বন ডাই-অক্সাইড গেছ এৰি দিয়ে। গছে এই গেছ গ্ৰহণ কৰি বিশুদ্ধ অক্সিজেন গেছ এৰি দিয়ে। বায়ু দু্ষিত হোৱাৰ ফলত আমাৰ চাৰিওফালে বেমাৰে আগুৰি ধৰিছে। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ হ’লে আমি গছ গছনি ৰুব লাগিব আৰু গেলা-পঁচা জাবৰ-জোঁথৰ, মৰা জীৱ-জন্তু গাত খান্দি পুতি থ’ব লাগে। বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰিলেহে আমি সকলো বেমাৰৰ পৰা হাত সাৰিব পাৰিম। পৃথিৱীত যিমানে কল-কাৰখানা, গাড়ী মটৰৰ পৰিমাণ বাঢ়িছে, সিমানে বায়ু দুষিত হৈছে। ফলত নানা ধৰণৰ বেমাৰো বাঢ়ি গৈছে আৰু মানুহ, জীৱ-জন্তুৰ অকাল মৃত্যু হ’বলৈ ধৰিছে। সেই বাবে আমি বহুত গছ-গছনি ৰুব লাগে যাতে বিশুদ্ধ অক্সিজেন গেছ পাব পাৰোঁ আৰু সকলো বেমাৰৰ পৰা বাছি থাকিব পাৰোঁ।
দেৱজিৎ পাটোৱাৰী, পঞ্চম শ্ৰেণী
বিজ্ঞানৰ দ্ৰুত বিকাশে পৰিবেশৰ ওপৰত বহুত প্ৰভাৱ পেলাইছে। বিজ্ঞানৰ কাৰ্যৰ পৰা ওলোৱা পদাৰ্থ মাটি, পানী আৰু বায়ুত প্ৰবেশ কৰি মাটিৰ খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু, পানীত থকা অক্মিজেন, হাইড্ৰ’জেন, বায়ুত থকা অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড নষ্ট কৰাৰ ফলত বায়ু, পানী, মাটিৰ গুণাগুণ নোহোৱা কাৰ্যকে পৰিবেশ প্ৰদূষণ বুলি কোৱা হয়।
দিবাকৰ ধৰ, পঞ্চম শ্ৰেণী
মহৎ লোকৰ বাণী
পৰীক্ষাত নকল কৰাটো যিমান দোষ, আনৰ পৰা চাই লোৱাটোও সিমানেই দোষ।
-হেম বৰুৱা।
পৃথিৱীৰ সকলো মানুহ এক ইশ্বৰৰ সন্তান, তাত কোনো জাতি- ভেদ নাই।
-শ্ৰীমন্ত শংকৰদেৱ।
প্ৰতিতো কামেই পবিত্ৰ আৰু কামৰ প্ৰতি নিষ্ঠাই হৈছে আটাইতকৈ ওখ খাপৰ ঈশ্বৰ উপাসনা।
-স্বামী বিবেকানন্দ।
তুমি আনৰ পৰা যেনে ব্যৱহাৰ পাবলৈ আশা কৰা, আনকো তুমি তেনে ব্যৱহাৰ কৰিবা।
-যীশু খ্ৰীষ্ট।
অহিংসা পৰম ধৰ্ম।
-মহাত্মা গান্ধী।
জাবৰ সাৰিলে যিদৰে ঠাই পৰিষ্কাৰ হয় তেনেদৰে, ভুল স্বীকাৰ কৰিলেও মানুহৰ মন পৰিষ্কাৰ হয়।
-মহাত্মা গান্ধী।
ৱাকিব হুছেইন, চতুৰ্থ শ্ৰেণী