NISHTHA প্ৰশিক্ষণ
মল্লিকা দত্ত
মুখ্য সমল ব্যক্তি, গাভৰু শিক্ষা খণ্ড
তেজপুৰ, শোণিতপুৰ
৩১/০১/২০২০
যোৱা ২৮ নৱেম্বৰ, ২০১৯ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা NISHTHA প্ৰশিক্ষণ কাৰ্যসূচীত, শোণিতপুৰ জিলাৰ এগৰাকী মুখ্য সমল ব্যক্তি (KRP) হিচাপে কাম কৰাৰ এক বিৰল অভিজ্ঞতা লাভ কৰিলোঁ৷ ইয়াৰ সমাপ্তি ঘটিল ৩১ জানুৱাৰী, ২০২০ত৷ এই প্ৰশিক্ষণত আমি যি সকল শিক্ষাগুৰুক প্ৰশিক্ষণ দিবলৈ সুযোগ লাভ কৰিছোঁ (৫টা phase ত মুঠ ৭৫০গৰাকী শিক্ষাগুৰুক লগ পালো), তেওঁলোকে বিভিন্ন ক্ৰিয়া-কলাপত নিজকে জড়িত কৰি আনন্দ লাভ কৰিছে আৰু তেওঁলোকৰ সুপ্ত হৈ থকা বহু প্ৰতিভা আমি দেখাৰ সৌভাগ্য হৈছে৷ ইয়াৰ লগে লগে আমি সকলোৱে, সকলোৰে পৰা বহু কথা শিকাৰো সুবিধা হৈছে৷ শিক্ষক সকলৰ সুপ্ত প্ৰতিভা যেনেদৰে NISHTHA প্ৰশিক্ষণে উলিয়াই আনিবলৈ সক্ষম হৈছে, ঠিক তেনেদৰে আমিও ছাত্ৰ- ছাত্ৰীৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটাই প্ৰতিগৰাকী শিশুক সমাজৰ একোগৰাকী সম্পদ ৰূপে গঢ়ি তুলিব পৰাটোতেই আমাৰ শিক্ষা ব্যৱস্থা তথা পাঠ্যক্ৰমৰ সফলতা৷
NISHTHA প্ৰশিক্ষণৰ জৰিয়তে উপযুক্ত শিকন শৈলী ব্যৱহাৰ কৰি শিক্ষা প্ৰদান কৰাৰ পাছত শিকণীয় দিশসমূহ আয়ত্ত কৰিব কেনেদৰে পৰা যায় সেই কথাত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ মুঠ কথাত Activity-based, শিশুকেন্দ্ৰিক, আনন্দদায়ক, আৰু stress free শিক্ষা প্ৰদানৰ ক্ষেত্ৰত নতুন শিক্ষা নীতিয়ে গুৰুত্ব প্ৰদান কৰিছে৷ শিক্ষা কোনো প্ৰতিযোগিতা নহয়! ইয়াক প্ৰদান কৰা আৰু আয়ত্ত কৰোৱা প্ৰতি গৰাকী শিক্ষকৰ দায়িত্ব৷ “All are Different, All are Equal৷” যিহেতু সকলো শিশুৰ বোধ ক্ষমতা একে নহয়, সেয়ে তেওঁলোকে তেওঁলোকৰ ক্ষমতা অনুসৰি যিখিনি শিকিব পাৰে তাতহে আমি গুৰুত্ব দিব লাগে৷ ইয়াত বিদ্যায়তনিক আৰু সহ-বিদ্যাতনিক দিশৰ বিকাশত সমানে গুৰুত্ব প্ৰদান কৰা হৈছে যাতে শিশুটিৰ সামগ্ৰিক বিকাশ সাধন হৈ সমাজৰ এগৰাকী সম্পদ ৰূপে পৰিচিত হয়৷ নতুন শিক্ষা নীতিয়ে সকলো শিশুকে সামৰি লৈছে, অৰ্থাৎ inclusive কৰা হৈছে৷ বিশেষভাৱে সক্ষম শিশুৰ যি বিশেষ পাৰদৰ্শিতা আছে সেইখিনিৰ বিকাশ কৰাত আমি গুৰুত্ব দিব লাগিব৷ শিশুৰ সামগ্ৰিক বিকাশ জানিবৰ বাবে নতুনকৈ এক মূল্যায়ন ব্যৱস্থা কৰা হৈছে, যাক কোৱা হৈছে School Based Assessment (বিদ্যালয় ভিত্তিক মূল্যায়ন)৷ ই অকল নম্বৰ কেন্দ্ৰিক মূল্যায়ন নহয়, ইয়াৰ জৰিয়তে শিক্ষা গ্ৰহণৰ দ্বাৰা এজন ব্যক্তিৰ বিকাশ হব লগা তিনিটা domain: cognitive, affective আৰু psychomotor, অৰ্থাৎ জ্ঞান, দৃষ্টিভংগী আৰু হাতে কামে কৰিব পৰাকৈ শিশুটিৰ পূৰ্ণ বিকাশ হৈছে নাই সেইয়া পৰীক্ষা কৰা হ’ব৷ তাৰ বাবে আকৌ আন এক সঁজুলি দিয়া হৈছে, সেইয়া হৈছে Rubrics৷ এই কৌশল সমূহ অনা হৈছে পৃথিৱীৰ উন্নত দেশৰ শিক্ষা ব্যৱস্থাৰ পৰা৷
সুস্থ আৰু সুৰক্ষিত বিদ্যালয় গঢ়িবলৈ শিশুৰ সামাজিক আৰু ব্যক্তিগত গুণৰ বিকাশ সাধন কেনেদৰে কৰিব পৰা যায়, শিশুক সু স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবৰ বাবে বিদ্যালয়ত আমি কি কি পদক্ষেপ ল’ব পাৰো, আৰু সুস্থ সবল শিশুৱেহে যে ভাল দৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব, এই সকলো দিশ এই প্ৰশিক্ষণ কালত সামৰি লোৱা হৈছে৷
ICT ৰ ব্যৱহাৰ এই প্ৰশিক্ষণৰ আন এক উল্লেখযোগ্য দিশ৷ যুগৰ লগত খাপ খাব পৰাকৈ সকলো শিক্ষকক ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত সক্ষম কৰি তোলা ও এই প্ৰশিক্ষণৰ আন এক উদ্দেশ্য৷ শিশুসকল সদায় নতুন, গতিকে তেওঁলোকৰ সৈতে যদি শিক্ষক update নহয়, তেনেহলে শিশুসকলক শিক্ষা প্ৰদান কৰাত হয়তো কিছু অসুবিধাৰ সৃষ্টি হ’ব৷ সেয়ে কোনো শিক্ষক যাতে পিছ পৰি নাথাকে, তাৰ বাবে এই ব্যৱস্থা!
Art Integrated Learning (কলা সমন্বিত শিক্ষা)
এই প্ৰশিক্ষণৰ আন এক গুৰুত্বপূৰ্ণ দিশ৷ দৃশ্য আৰু পৰিবেশ্য কলাক শিকন শৈলী (pedagogy) হিচাপে ব্যৱহাৰ কৰি কোনো বিমূৰ্ত (abstract) ধাৰণাক কেনেদৰে মূৰ্ত (concrete) ধাৰণালৈ নিব পাৰি, আৰু শিশুৱে গম নোপোৱাকৈয়ে কেনেদৰে বিমূৰ্ত ধাৰণাবোৰ আয়ত্ত কৰে, সেই কৌশলএই প্ৰশিক্ষণে প্ৰদান কৰিছে৷ যিবোৰ কথা আমি মুখেৰে কৈ বা ব’ৰ্ডত বুজাই শিশুক আয়ত্ত কৰাব নোৱাৰোঁ, কলা সমন্বিত শিক্ষাই সেই কাম সহজ কৰি তোলে৷
কিন্তু এতিয়া শিক্ষক এজন গৱেষকো হব লাগিব৷ কেনে ধৰণৰ activity (ক্ৰিয়া-কলাপ) দিলে শিকনৰ ফলাফল (learning outcome) লাভ কৰিব পৰা যাব, সেই কথা শিক্ষকে নিজেই চিন্তা কৰি উলিয়াব লাগিব৷
এনেদৰে বহু ন ন কথাৰে পৰিপূৰ্ণ এই প্ৰশিক্ষণ!
সমগ্ৰ ভাৰততে এই প্ৰশিক্ষণ প্ৰদানৰ বাবে একেখনেই module তৈয়াৰ কৰা হৈছে, যাতে সমগ্ৰ ভাৰতৰ শিক্ষা পদ্ধতি একেই হয়৷ মাত্ৰ তাত আমি অঞ্চল ভেদে প্ৰয়োজনসাপেক্ষে পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব লাগিব৷
আশা ৰাখিছোঁ, ভাৰতৰ নতুন শিক্ষা নীতিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাত এক নতুন যুগৰ সূচনা কৰিব!